https://andro.io/app/app-1478549
আল-কোৰআন অসমীয়া for  Android – Latest Version & Features app icon
Android app profile

আল-কোৰআন অসমীয়া for Android – Latest Version & Features

by

4.0 (0 ratings)
Power 100

Price

free

Version

Updated

Size

Bytes

Rate this app

How do you feel about আল-কোৰআন অসমীয়া?

Thanks for your feedback!

> 2.2k

Monthly Downloads

~$900

Estimated Cost

Screenshots

About আল-কোৰআন অসমীয়া

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহপোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে। এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শব্দৰ অৰ্থ অনুবাদত টানিবলৈ চেষ্টা কৰিছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ। কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে। লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনতত www.islamqa.in নামৰ ৱেবছাইটটো অস্তিত্ব লাভ কৰিছে। আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মাধ্যম বনাই দিয়ক। (আমীন)এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।* নাইট মোড অপচন দিয়া হৈছে।* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।আলহামদুলিল্লাহ্,‌ আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে। আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্‌ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ। অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন।যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে আমাক whatsappত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।ইতিঅনুবাদকঃ আল-কোৰআন অসমীয়াৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমানবলোগড়া, খাৰুপেটীয়া, দৰং, অসম।যোগাযোগঃ [email protected]@gmail.com Whatsapp: 9101665226

Share

Share আল-কোৰআন অসমীয়া

Help others discover this Android app.

আল-কোৰআন অসমীয়া

আল-কোৰআন অসমীয়া

Free

Get